কামপুৰৰ ঐতিহাসিক পাৰলিগুৰী গাঁৱৰ দুশবছৰীয়া বৰ্ষপূৰ্তি উদযাপন

 06/08/2022 - 13:42

 

 


কামপুৰঃ ১৮২১ খৃষ্টাব্দ মানৰ তৃতীয় আক্ৰমণত তেতিয়াৰ যোৰহাট বৰ্তমানৰ গোলাঘাট জিলাৰ পাৰলিগুৰী গাঁৱৰ পৰা চাৰিজনলোক পলাই কামপুৰ অঞ্চলত ভৰি দিছিল। মহিধৰ সূত; লেংলাই সূত; বংগীয়া সূত; উঠন সূতে থাকিল লৈছিল এডোখৰ ঠাইত। পৰৱৰ্তি সময়ত তেওঁলোকে এৰি অহা গাঁওখনৰ নামৰে কামপুৰত থাকিব লোৱা ঠাইখনৰ নামো পাৰলিগুৰী ৰাখে।

 

এই চাৰিজন লোকে স্থাপন কৰা গাঁওখন দুশবছৰীয়া হ'ল। চাৰিজন লোকৰ পৰিয়ালৰ পৰা বংশ বৃদ্ধি হৈ গাঁওখনত এশটা পৰিয়াল হ’ল। মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈ আছে কামপুৰৰ ঐতিহাসিক পাৰলিগুৰি গাঁৱৰ দুশবছৰীয়া বৰ্ষপুতি উৎসৱ অনুষ্ঠানটো। এই অনুষ্ঠানটো বিভিন্ন আধ্যাত্মিক কাৰ্য্যসূচীয়ে অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে।

 

দুদিনীয়া কাৰ্যসূচীয়ে আয়োজন কৰা অনুষ্ঠানটিৰ মঙলবাৰৰ পৰা প্ৰতিঘৰ গৃহস্থীৰ পদুলি নিৰাকৰণ আৰু গামোচা উত্তোলন পিছতে প্ৰাতঃ প্ৰসংগ; পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু বজাত ভাগৱত শোভাযাত্রাৰ পাছত ভাগৱত পাঠ আৰু বাখ্য লগতে অসমীয়া ভাওনা প্ৰদৰ্শন হৈছে। ইয়াৰ ওপৰি পাৰলি গাঁৱৰ বিয়া হৈ যোৱা ছোৱালী সকলে আদৰণি জনাব গাঁৱৰ নব বিবাহিত বোৱাৰীসকলক।

 

আজি বিভিন্ন কাৰ্যসূচীৰ লগতে পাৰলিগুৰি গাঁওৰ দুশবছৰীয়া বৰ্ষপুতি উৎসৱ উদযাপনৰ পুস্তিকা" নামেৰে এখনি পুস্তিকা উন্মোচন কৰা হব। পুস্তিকাখন উন্মোচন কৰিব বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন ছাত্র নেতা তথা উৎসব উদযাপনৰ সভাপতি মাধৱ লস্কৰে। সন্ধিয়া ভাগত পৰিবেশন হবলগীয়া "অভিমন্যু বধ "খনৰ শুভ উন্মোচন কৰিব বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।