06/09/2022 - 13:24
in
শালবাৰীঃ মাতৃ হোৱাৰে পৰা ভীষণ ব্যস্ততা বাঢ়িছে মানাহৰ পাঞ্চালী। এক মুহূৰ্তৰ বাবেও সদ্যোজাত পোৱালীটোৰ পৰা আঁতৰ হোৱা নাই পাঞ্চালী। পোৱালীটোৱেও মাতৃৰ সৈতে ওমলি জামলি পাৰ কৰিছে সময়। কিছুদিন পূৰ্বে মানাহৰ পোহনীয়া হাতী পাঞ্চালীয়ে জন্ম দিছিল এটি মৰমলগা পোৱালীৰ। মানাহৰ কাহিতামা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ছিদাঝাৰ কেম্পত জন্ম দিছিল পোৱালিটো। তাৰ পিছৰ পৰা বনবিভাগৰ নিৰীক্ষণত ৰখা হৈছে মাতৃ পাঞ্চালী আৰু পোৱালীটোক। ইফালে সদ্যজাত পোৱালীটোক লগত লৈ আনন্দমনে ঘাঁহ খাই থকা দেখা গৈছে পাঞ্চালীক।উল্লেখ্য যে পোহনীয়া হাতীটোৱে পোৱালী জন্ম দিয়াৰ পিছতে আনন্দিত হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। বৰ্তমান মাতৃ আৰু পোৱালীটো সম্পূৰ্ণ সুস্থ অৱস্থাত থকা বুলি জানিবলৈ দিয়ে মানাহৰ পশু সিকিৎসক ডাঃ প্ৰভাত বসুমতাৰীয়ে। উল্লেখ্য যে মানাহৰ পোহনীয়া হাতীসমূহ বন সুৰক্ষাৰ বিভিন্ন কামত নিয়োগ কৰা হয়।এই পোৱালিটোকো ডাঙৰ হলে উপযুক্ত প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন কামত নিয়োজিত কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।