06/09/2022 - 16:39
in
ঢকুৱাখনাঃ দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও যে হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ঢকুৱাখনা ১ নং কেলকেলি পুঠিমাৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তানে। ছাত্ৰজনৰ নাম পৰাগ জ্যোতি দাস এইবৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডঃ বি ,এড আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰা ৬ তা বিষয়ত লেটাৰ নম্বৰ পাই সৰ্বমুঠ ৫৪০ নম্বৰ ৯০% শতাংশ লাভ কৰি ডিষ্টিংচন পাই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।দিন হাজিৰা কৰা এইজন ছাত্রৰ দেউতাক যোগানন্দ দাস আৰু মাতৃ মৃদুলা দাস।
মাক দেউতাকে দিনহাজিৰা কৰি পঢ়াৰ প্ৰতি আগ্ৰহী পৰাগ জ্যোতি দাসক অশেষ কষ্টৰে পঢ়াইছিল। কিন্তু দিনহাজিৰা কাম কৰি পোৱা ধনৰে পৰিয়াল চলাবলৈ বহু অসুবিধা সন্মুখীন হৈছিল সেয়েহে গাঁৱৰ লোকৰ পৰাও সহায়ৰ ভিক্ষা মাগিছিল ছাত্ৰ জনৰ মাক দেউতাকে। আৰু গাঁৱৰ ৰাইজেও সহায় কৰিছিল ছাত্র জনক। দৰিদ্ৰ ছাত্ৰ গৰাকীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে!ছাত্ৰ জনৰ মনত হেঁপাহ আছে এখন ভাল মহাবিদ্যালয়ত পঢ়িবলৈ কিন্তু ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে দুখত ভাগি পৰিছে মাক দেউতাক। এতিয়া সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু ঢকুৱাখনাৰ স্থানীয় বিধায়ক মহোদয় পৰা ভাল এখন মহাবিদ্যালয়ত নামভৰ্তি সুবিধা লাভ কৰে পৰাগ জ্যোতিয়ে অনুৰোধ জনাইছে।