06/10/2022 - 14:33
in
নগাঁওঃ নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়৷ অনুষ্ঠানৰ অংশ হিচাপে খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকে বিশিষ্ট অনুবাদক দিগন্ত বিশ্বশৰ্মা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকা, শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ উপদেষ্টা, প্ৰধান সম্পাদককে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি৷
প্ৰায় শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি অনুবাদক দিগন্ত বিশ্ববিশ্বই কেতবোৰ বিশেষ বিষয় উপস্থাপন কৰে৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি অনুষ্ঠানৰ বিষয়ে অৱগত কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ বাবে আৱন্তিত মাটি সম্পৰ্কেও মন্তব্য কৰি কয়যে, চৰকাৰীভাৱে পুনৰ ৬০ বিঘা মাটি আৱন্টিত হৈছিল যদিও আজিকোপতি বিশ্ববিদ্যালয়ে তাৰ কোনো নথিপত্ৰ পাৱলৈ সক্ষম নহ'ল৷ বিষয়াৰ অনিহা নে অন্য কিবা বিষয়ৰ বাবেহে আজিকোপতি নথিপত্ৰ নাপালে সেয়া ৰহস্যৰ আৱৰ্তত৷