ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদ মেল

 06/10/2022 - 18:27
 
 
ৰঙিয়াঃ ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা মধ্যাহ্ন ভোজন কৰ্মীসকলৰ কথা চিন্তা নকৰি ৰাজ্য চৰকাৰে পুনৰ আঁচনিখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব বিচাৰিছে। আঁচনিখন  পুৰ্বতে "অক্ষয়পাত্ৰ" নামৰ এটা বেচৰকাৰী সন্থাক হস্তান্তৰ কৰিব বিচাৰিছিল। ২০১৯ চনত ১৫ টা বেচৰকাৰী সন্থাই কাম আৰম্ভ কৰাৰৰ লগে লগে ৰাজ্যৰ প্ৰতিখন জিলাতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল। যাৰ ফলত ৰাজ্য চৰকাৰে আঁচনিখন ব্যক্তিগত খণ্ডক দিয়াৰ পৰা বিৰত থাকিবলগীয়া হৈছিল।
 
 
কিন্তু পুণৰ ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজন আ‍ঁচনিখন ব্যক্তিগতকৰণ কৰিবলৈ বিচাৰিছে। ইতিমধ্যে যোৰহাট জিলাৰ ৪৫০ খন বিদ্যালয়ৰ ২৫ হেজাৰ শিক্ষৰ্থীক দুপৰীয়াৰ আহাৰৰ যোগানৰ লক্ষ্যৰে অপ্ৰভা এনাৰ্জি নামৰ এটা শক্তি খণ্ডৰ প্ৰতিষ্ঠানেকেন্দ্ৰীয় ৰন্ধনশালা" নিৰ্মাণৰ প্ৰস্তুতি হাতত লৈছে ৰাজ্য চৰকাৰে। এনে পৰিপেক্ষিতত পুণৰ সদৌ অসম মধ্যহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অহা ১৩ জুন তাৰিখে ৰজ্যৰ প্ৰতিখন জিলা সদৰতে এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী কৰণ বন্ধ কৰা, বকেয়া মাননী অতিশীঘ্ৰে আদায় দিয়া, চাকৰি নিশ্চিত কৰণ কৰাকে আদিকৰি কেইবাটাও দাবীৰ সন্দৰ্ভত ৰূপায়িত হোৱা প্ৰতিবাদ যদিহে ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়া হলে পুনৰ ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে মধ্যাহ্ন ভোজন সন্থাটোয়ে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।