06/11/2022 - 14:03
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মৰিসুতিৰ ঠাকুৰবাৰীস্থিত শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনত ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰে শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ ও অখণ্ড হৰিনাম কীৰ্তন। কাৰ্য্যসূচী মৰ্মে জল যাত্ৰা, ৰথ যাত্ৰা ও প্ৰতিমা বিগ্ৰহ স্থাপন তথা প্ৰতিষ্ঠা দিৱস, নন্দোৎসৱ-ৰাসলীলা, এক লক্ষ্যধিক বন্তি প্ৰজ্বলন আৰু ১২ ঘন্টীয়া অখণ্ড হৰি কীৰ্তন উলহ মালহৰে সম্পন্ন হয়। ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰ প্ৰতিটো অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ লানি নিচিগা ভিৰ দেখা যায়।
মৰিসুতিৰ ঠাকুৰবাৰীস্থিত লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনৰ পৰা পুৱাই জল যাত্ৰাৰে শুভাৰম্ভ কৰি অন্যতম কাৰ্যসূচী হিচাপে ৰথ যাত্ৰা, নন্দোৎসৱ-ৰাসলীলা, এক লক্ষ্যধিক বন্তি প্ৰজ্বলনৰ লগতে ১২ ঘণ্টীয়া অখণ্ড হৰি কীৰ্তন অনুষ্ঠিত হয়৷ অখণ্ড হৰি কীৰ্তনৰ অন্তিম দিনা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিবাসীৰ কুশল মংগলৰ হকে নিজেই আশীষ ললে শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ শ্ৰী চৰণত। বিধায়ক পদ্ম হাজৰিকাই কয় যে- "ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে মানব সমাজৰ মাজত একতাৰ বান্ধোন শক্তিশালি হয়। উক্ত অনুষ্ঠানৰ ভাগৱত পাঠৰ প্ৰবচকৰ দায়িত্ব পালন কৰে পণ্ডিত আচাৰ্য্য দেৱ নায়ক অধিকাৰীয়ে।