ডিজিটেল ডেস্কঃ ৰাভা জনগোষ্ঠীৰ জাতীয় জীৱনৰ আয়ুস ৰেখা তথা মেৰুদণ্ড বাপতি সাহোন কৃষি ভিত্তিক বায়খো উৎসৱটি মহানগৰীৰ পাৰ্শ্বৱৰ্তী পশ্চিম গুৱাহাটীৰ ঐতিহাসিক বৃহত্তৰ ৰাণীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
ৰবিবাৰে ৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আঞ্চলিক সমিতিৰ সভাপতি ৰাজু ৰাভাই পতাকা উত্তোলেনেৰে শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ ৰাভা, উদযাপন সমিতিৰ ক্ৰমে সভাপতি সঞ্জয় কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি বাবুল ৰাভা, সম্পাদকদ্বয় ধৰ্মেশ্বৰ ৰাভা, মিণ্টু ৰাভাৰ লগতে অন্যান্য ব্যক্তিসকলে। ইয়াৰ পিছত উদযাপনস্থলীত বৃক্ষৰোপন কৰে স্থানীয় বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে।
বৃক্ষৰোপন কাৰ্যসূচীৰ পিছতেই প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত পূজাৰীৰ আকৰ্ষণীয় পূজা মন্ত্ৰৰে উৎসৱৰ মূল মহাপূজা আৰম্ভ হয়। নিশাৰ ভাগত বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে বায়খো উৎসৱ সমাপ্ত হয়।