কৃত্ৰিম বানত বুৰ গ’ল কচুৱাৰ ৰাজপথ

 06/15/2022 - 13:11
 
 
 
কামপুৰঃ এজাক বৰষুণত পুখুৰী সাদৃশ্য হৈ গ’ল কচুৱা বজাৰৰ ৰাজপথ। পথৰ ওপৰৰে একাঠু পানীৰ মাজেৰে বিদ্যালয়লৈ যাব লগা হয় কণকণ শিক্ষাৰ্থীসকলে। পথাচাৰীও হাহাকাৰ
এই দৃশ্য নগাঁও জিলাৰ কচুৱা বজাৰৰ মাজমজিয়াৰ পথৰ দৃশ্য। যেন মাছ পোহা এটা বৃহৎ পুখুৰীহে। আপুনি যদি কচুৱালৈ আহে তেন্তে খোজকাঢ়ি নাহিব। কাৰণ খোজকাঢ়ি যোৱা পথ বিচাৰি নাপাব আপুনি। পথৰ ওপৰত একাঠু পানী। এজাক বৰষুণৰ ফলত একাঠু পানী জমা হয় পথৰ ওপৰত। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে পথাচাৰীয়ে যমৰ যন্ত্ৰনাত ভুগিব লগা হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে ড্ৰেইন ৰ ব্যৱস্থা কৰি পথটোৰে যাতায়তৰ সুবিধা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰহাৰ বিধায়ক শশীকান্ত দাসক আহ্বান জনাইছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।