06/15/2022 - 16:10
in
শালবাৰীঃ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানীৰ৷ বানপানীৰ ফলত ঠায়ে ঠায়ে বিঘ্নিত হৈ পৰিছে যাতায়ত ব্যৱস্থা৷ সমান্তৰালকৈ মানাহ-বৰপেটাৰোড সংযোগী মুখ্য পথত হোৱা ভয়ংকৰ খহনীয়াৰ বাবে বিচ্ছিন্ন হৈ পৰিছে যাতায়ত৷ মানাহ-বৰপেটাৰোড সংযোগী পথৰ কূঠলিঝাৰৰ এটি কালভাৰ্টত হোৱা ভয়ংকৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে পথছোৱা৷ যাৰ বাবে প্ৰশাসনে ততাতৈয়াকৈ সেই পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷বিশ্ব ঐতিজ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী অতি ব্যস্তপথছোৱা বন্ধ হৈ পৰাত ভীষণ অসুবিধাত পৰিছে অঞ্চলবাসী৷যাৰ বাবে শীঘ্ৰেই পথছোৱা মেৰামতি কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে৷ইতিমধ্যে বাঁহবাৰী আৰক্ষীয়েও উক্ত স্থানত কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহ'বৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে৷