06/15/2022 - 16:46
in
চাপৰঃ সমগ্ৰ ৰাজ্যতে কেইবাদিন ধৰি মুষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নৈৰ পানী হুৰাহুৰে বাঢ়িবলৈ ধৰিছে। ফলত উপনৈ বিলাকৰ জলাশয়পৃষ্ট বাঢ়ি নৈ পৰীয়া অঞ্চলসমূহ গৰাখহনীয়াৰ কবলত পৰিবলগীয়ে হৈছে। ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জালিকুৰা গাঁৱত চম্পা নদীৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাৰ লগতে প্ৰবল গৰাসহনীয়াই অঞ্চল বাসীৰ নিদ্রা হৰণ কৰিছে।ইতিমধ্যে গৰাসহনীয়াই কেইবাশ বিঘা ভূমি চম্পা নৈত জাহ যোৱাত হতাশাগ্রস্ত হৈ পৰিছে গাঁওবাসী। চাপৰ ৰাজহ চক্ৰ বিষয়াই গৰাসহনীয়াৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি জলসিঞ্চন বিভাগৰ দ্বাৰা তৎকালীন ব্যবস্থা গ্রহণ কৰাৰ আশ্বাস কৰে বুলি জানিব পৰা গৈছে।