06/16/2022 - 13:19
in
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অধিন চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ত এক সভা অনুষ্ঠিত কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষ্যাতিৰে উত্তীৰ্ণ হোৱা চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম স্থান দখল কৰা ১৬ জন শিক্ষাৰ্থীক ফুলাম গামোচা, মানপত্ৰ, নগত ধনৰ লগতে এজোপাকৈ গছপুলিৰে সৈতে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্বত কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন্দ্ৰৰ নাথ বৰ্মনে। চিথিলা উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিষ্ণু পদ শীল শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰে।
সম্বৰ্ধনা সভাখনত দোতমা শিক্ষা খণ্ডৰ খণ্ড বিষয়া সৌমদম ব্ৰহ্ম, দোতমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অস্মিতা ৰেখা বৰা, কামতাপুৰ শায়ত্ব শাসিতত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়, চিথিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেব নাথ, সমাজ সেৱক ৰাজু কুমাৰ বৰ্মনো উপস্থিত থাকে। উল্লেখ্য যে চিথিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেৱনাথে শিক্ষাৰ্থী সকলোক উদগনিমূলকভাবে নগত ধন দি শিক্ষাৰ্থী সকলোৰ ভবিষ্যৎ মংগল কামনা কৰে। ইয়াৰ উপৰিও সংস্কৃত বিষয়ত লেটাৰ পোৱা শিক্ষাৰ্থী সকলোক বিদ্যালয়খনৰ সংস্কৃত শিক্ষয়ত্ৰী বকুল ৰানী ৰায়ো নগত ধন দি উৎসাহ দিয়ে।