06/16/2022 - 18:29
in
চাপৰঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ ফলত ৰাজ্যখনৰ ৰাজধানীকে ধৰি বিভিন্ন পৌৰসভা অঞ্চলত এতিয়া কৃত্ৰিম বানপানীৰ কবলত। সমান্তৰালকৈ ধুবুৰী জিলাৰ চাপৰ পৌৰ সভাৰ বিভিন্ন ৱাৰ্ডত দেখিবলৈ পোৱা গৈছে এই কৃত্ৰিম বানপানী। এই দৃশ্য চাপৰ পৌৰ সভাৰ ৭ ৱাৰ্ড তথা ৰৌমাৰী গাঁৱৰ। নেৰানেপেৰা বৰষুণৰ ফলত ৭ নং ৱাৰ্ড জলমগ্ন হৈ পৰিছে বিস্তৃন্ন অঞ্চল। ঘৰে ঘৰে পানী সুমাইছে। বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগা হৈছে স্থানীয় ৰাইজ। বিভিন্ন সময়ত বিভিন্ন চৰকাৰক নলা-নৰ্দমা নিৰ্মাণ কৰিবলৈ দাবী জনাইছিল যদিও আজিলৈ সমাধান নহ'ল ৱাৰ্ডখনৰ মূল সমস্যা। কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰ লৈ অনুৰোধ স্থানীয় ৰাইজৰ। নলা-নৰ্দমা অথবা কালৰ্ভাট তৈয়াৰ কৰি কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰক ৱাৰ্ডখনক। ইপিনে ৱাৰ্ডখনৰ পানী ওলাই যোৱা একমাত্ৰ কালভাৰ্টটো বন্ধ হৈ থকাৰ ফলত এই সমস্যা দুগুণ বৃদ্ধি পাইছে। উক্ত কালভাৰ্ট পুনৰ খুলি দিবলৈ চাপৰ ৰাজহ চক্ৰ বিষয়া আৰু চাপৰ পৌৰ সভাৰ পৌৰপতিক দাবী জনায় স্থানীয় ৰাইজে। পৰিস্থিতিৰ বুজ ল'বলৈ ৱাৰ্ডখনত উপস্থিত হয় চাপৰ ৰাজহ চক্ৰ বিষয়া কবিতা ডেকা আৰু পৌৰপতি বিউটি ৰায়। এতিয়া সময়ত হে লক্ষ্যণীয় হ'ব পৌৰপতি আৰু ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কি পদক্ষেপ হাতত লয়।