06/18/2022 - 17:02
in
শালবাৰীঃ ৰাজ্যত বানপানীৰ সমান্তৰালকৈ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাৰ শালবাৰীতো গৰাখহনীয়াৰ কবলত পৰি বিনিদ্ৰ ৰজনী কটাইছে নৈপৰীয়া ৰাইজে শনিবাৰে শালবাৰীৰ এলেঙামাৰীত খহনীয়া অঞ্চল পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পৰা অত্যাধিক পানী এৰি দিলে বিপদ অনিবাৰ্য বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষক যুদ্ধকালীনভাৱে খহনীয়া ৰোধৰ কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে, শালবাৰীৰ কেইবাখনো গাঁৱত বেকী নৈৰ জলস্তৰ বৃদ্ধিৰ ফলত গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ৷