06/10/2019 - 15:21
in
গুৱাহাটীঃ অসমবাসীক লজ্জানত কৰা ছয়গাঁৱৰ আচলপাৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি আৰু দুজনক আটক কৰে। ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিজামুদ্দিন আৰু ৰহমত আলী নামৰ দুই অভিযুক্তক।
উল্লেখ্য যে ঈদৰ এক অনুষ্ঠানত নৃত্যশিল্পীক অশ্লীল ব্যৱহাৰ কৰিছিল একাংশ বিকৃত মানসিকতাৰ লোকে।
পূৰ্বে গ্ৰেপ্তাৰ হৈছিল শ্বাহৰুখ আৰু চুভাহান খান নামৰ দুজন ব্যক্তি। মঞ্চত যুৱতীক উলংগ হৈ নাচিবলৈ কৈছিল অনুষ্ঠানটোৰ আয়োজক সমিতিয়ে।এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।