06/21/2022 - 17:34
in
নাৰায়্ণপুৰঃ নাৰায়ণপুৰ অঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, ধলপুৰত আজি এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুনাম অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধলপুৰ নিকেতনতৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩ জন ছাত্ৰ-ছাত্ৰীক নিকেতনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞা,ধলপুৰ-শিমলুগুৰি জিলাৰ পৰিষদৰ সদস্যা দিপালী বণিয়াৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক শিক্ষানুৰাগী লোকে।
প্ৰাণিধানযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধলপুৰ নিকেতনতৰ পৰা ৪ জন ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ৬ জন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। সভাত উপস্থিত থাকি বিহপুৰীয়া সমষ্টিটোৰ বাবে আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজস্ব। পুঁজিৰ তৰফৰ পৰা বহুকেইটা উদগনিমুলক বঁটা প্ৰদান কৰিম বুলি আশ্বাস প্ৰদান কৰে বিধায়ক অমিয় ভুঞাই৷