06/21/2022 - 18:15
in
প্ৰতিবছৰে ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটো গোটেই বছৰটোৰ আটাইতকৈ দীঘল দিন। সূৰ্যৰ পোহৰ এই দিনটোত সৰ্বাধিক। এনে পৰিস্থিতিত, যোগৰ নিৰন্তৰ অভ্যাসে এজন ব্যক্তিক দীঘলীয়া জীৱন প্ৰদান কৰে। গতিকে ২০১৪ চনত আজিৰ এই ২১ জুনৰ দিনটো ৰাষ্ট্ৰঃ সংঘই যোগ দিৱস উদযাপন কৰিবলৈ বাছনি কৰিছিল। আজি সমগ্ৰ দেশৰ লগতে মৈৰাবাৰীৰ কেবাখনো ঠাইত যোগ দিৱস পালন কৰা হয়। মৈৰাবাৰী মহাবিদ্যালয়,মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ লগতে চৰকাৰী বেচৰকাৰী অনুষ্ঠান সমূহতো যোগ দিৱস পালন কৰাৰ লগতে মৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্যলয়তো পালন কৰা হয় অন্তৰাষ্ট্ৰীয় যোগ দিৱস।মৈৰাবাৰী মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সাধাৰণ লোকেও পালন কৰে আজিৰ এই যোগ দিৱস।আনহাতে মৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্য্যলয়তো যোগ দিৱস পালন কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্য্যকৰ্তা সকলে।মৈৰাবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী আফিয়া বেগম,মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আবুল কালাম, জিলা কাৰ্যকৰী সদস্য আবু শ্যামা সংখ্যালঘু মৰ্চাৰ IT চেলৰ নাহিদ আহমেদৰ লগতে বিজেপিৰ সাধাৰণ কৰ্মকৰ্তাসকল।