06/22/2022 - 19:04
in
নিউজ ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাইও বন্যাৰ্তৰ কাষত থিয় দি নিজৰ সামৰ্থ অনুযায়ী সাহায্য প্ৰদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। ৰঙিয়াৰ বালাগাঁও অঞ্চলত বন্ধু-বান্ধৱীৰ সৈতে উপস্থিত হৈ ২০০টা বানাক্ৰান্ত পৰিয়ালক সাহায্য বিতৰণ কৰে। অঞ্চলটোত উপস্থিত হৈ দীপলীনা ডেকাই বন্যাৰ্তৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ এই ভয়াবহ পৰিস্থিতিৰ সমভাগী হোৱাৰ লগতে সামৰ্থ অনুযায়ী চাউল, দাইল, গাখীৰ আদি সাহায্য সামগ্ৰী বিতৰণ কৰে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে টিভিত চাই থাকিলেই নহয়, বন্যাৰ্তৰ সহায়ৰ বাবে সামৰ্থজন ওলাই আহিব লাগিব।গুৱাহাটীৰ কৃ্ত্ৰিম বান প্ৰসংগত মন্তব্য কৰি দীপলীনা ডেকাই কয় যে মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ হ’লে এক বিজ্ঞানসন্মত পৰিকল্পনাৰ দৰকাৰ। অসমৰ বান পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈও সুপৰিকল্পনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে দীপলীনাই।