বাক্সাৰ শালবাৰীত বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন দ্বিপেন বড়োৰ

 06/23/2022 - 12:56
 
 
 
 
শালবাৰীঃ বাক্সাৰ শালবাৰীত বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি দ্বিপেন বড়োৰ৷ বাক্সাৰ এলেঙামাৰীত বেকী নৈৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ৷ ভূটানৰ কুৰিশ্বুৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নামনি অসমৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছিল জলপ্ৰলয়ৰ৷ তাৰ ফলতে বেকী নৈত ভয়ংকৰ খহনীয়া আৰম্ভ হয়৷ এই খহনীয়া পৰিদৰ্শন কৰি ভূক্তভোগীৰ সৈতে মতবিনিময় কৰে বড়ো নেতাগৰাকীয়ে৷ গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম কাজত যাতে কোনো গাফিলতি নহ'বৰ বাবে চৰকাৰে তীক্ষ্ণ নজৰ দিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে৷ ইয়াৰোপৰি বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিবলৈও দাবী উত্থাপন কৰে নেতাগৰাকীয়ে৷ উল্লেখ্য যে এই পৰিদৰ্শন কালত বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়েও দ্বীপেন বড়োৰ সংগ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।