হায়দ্ৰবাদৰ তেলেংগানাৰ পৰা ২৭ খন ৰাজ্য খোজ কাঢ়ি জামুগুৰিহাটত উপস্থিত শ্ৰীকান্ত কল্যান

 06/23/2022 - 14:57
 
 
 
জামুগুৰিহাটঃ প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমণ কৰিব পাৰি সেই বাণী সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদুৰ হায়দ্ৰবাদৰ তেলেংগানাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমন কৰিছে এজন যুৱকে৷ যোৱা ডিচেম্বৰতে যাত্ৰা আৰম্ভ কৰি ২৭ খন ৰাজ্য অতিক্ৰম কৰি ইতিমধ্যে আজি উপস্থিত হয়হি শোনিতপুৰ জিলাৰ জামুগুৰিহাটত৷ জামুগুৰিহাটৰ ধলাইবিলত যুৱক জনক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে৷ সম্বৰ্ধনা গ্ৰহণ কৰি তেলেংগানাৰ যুৱক শ্ৰী কান্ত কল্যানে কয়- অসমৰ মানুহ অতিথি পৰায়ন আৰু সংস্কৃতিবান৷ অসমৰ প্ৰাকৃতিক পৰিৱেশক লৈ মনোমোহিত হৈছো। দৈনিক দুইশ কিলোমিটাৰ খোজ কঢ়া যুৱকজনে আৰু ৮ খন ৰাজ্য ভ্ৰমণ কৰিয়েই  যাত্ৰা সামৰণি মাৰিব বুলিও মন্তৱ্য কৰে৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।