বান সাহায্যক লৈ আমছুৰ প্ৰতিক্ৰিয়া

 06/23/2022 - 16:47
 
             
 
খাৰুপেটীয়াঃ মুখ্যমন্ত্ৰীয়ে দুই হাত খুলি সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়াৰ পাছতো পৰ্যাপ্ত বান সাহায্য পোৱা নাই দৰঙৰ বন্যাৰ্তই৷ পশুখাদ্যৰ নামতো বিসংগতি। পশুক (গৰু)লৈ ৰাজনীতি আৰু বিভিন্ন আঁচনি গ্ৰহণ কৰা বিজেপি চৰকাৰে পশু খাদ্যৰ নামত অখাদ্য বিতৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৰ উপদেষ্টা আইনুদ্দিক আহমেদে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আখৰে আখৰে পালন নকৰি বান সাহায্য বিতৰণত খেলিমেলি আৰু পশু খাদ্যৰ নামত নিকৃষ্ট কাণ্ড সংঘটিত কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিহীত ব্যবস্থা গ্ৰহণৰ দাবী জনায় আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।