ধৰ্মগুৰু দালাই লামাৰ মহানুভৱতা, মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ১০লাখ টকা

 06/24/2022 - 15:29
 
 
নিউজ ডেস্কঃ তীব্বতী ধৰ্মগুৰু দালাই লামাই অসমৰ বন্যাৰ্তসকলৰ সহায়ৰ বাবে আগবঢ়ায় ১০ লাখ টকা। ধৰ্মগুৰু গৰাকীৰ গাডেন ফোডৰাং ট্ৰাষ্ট অৱ দ্য দালাই লামাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই এই সাহায্য। দালাই লামাই আগবঢ়োৱা এই আৰ্থিক সাহায্যৰ বাবে তীব্বতী ধৰ্মগুৰুগৰাকীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।