06/10/2019 - 17:21
in
ৰঙিয়াঃ বৃহৎ নদীবান্ধৰ বিৰূদ্ধে ৰঙিয়াত যুৱ ছাত্ৰ পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে।
ৰঙিয়া নগৰত থকা মহাত্মা গান্ধী মণ্ডপৰ সন্মুখত ছাত্ৰ সংগঠনটোয়ে ৰূপায়িত কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত জিলা আহ্বায়ক সমিতিৰ তথা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্ঠা জ্যোতিৰ্ময় কলিতাৰ লগতে ছাত্ৰ নেতা মতিউৰ ৰহমান, ভৱেশ ডেকা, নৱজিৎ কলিতা আদিকে কৰি কেইবাগৰাকী নেতা উপস্থিত থাকে।
দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ ৰূপায়িত হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত কেইবাটাও আঞ্চলিকৰ প্ৰতিনিধি উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে বৃহৎ নদীবান্ধৰ তীব্ৰ বিৰোধীতা কৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰূদ্ধে ক্ষোভিত হৈ পৰে।