কি খাই ওজন কমালে আনদান স্বামীয়ে?

 06/27/2022 - 17:57
 
 
 
নিউজ ডেস্কঃ  প্ৰৱল ইচ্ছা শক্তিয়ে মানুহৰ সকলো সপোন সম্ভৱ কৰি তোলে। এসময়ত মেদ বহুল কণ্ঠশিল্পী হিচাপে পৰিচিত আদনান স্বামীৰ বৰ্তমানৰ লুকে নেটিজেনৰ মনত সৃষ্টি কৰিছে জোৱাৰৰ। ২২০ কিলো ওজনৰ আদনানৰ বৰ্তমান ওজন মাত্ৰ ৭৫ কিলো। কিন্তু কি খাই আদনানে কমালে নিজৰ ওজন? এটা সাক্ষৎকাৰত কণ্ঠশিল্পী জনে কয় যে ওজন কমোৱাটোক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল স্বামীয়ে। সেয়ে ডায়েটত কিছু বস্তু জড়িত কৰিছিল, কিছু খাদ্য ত্যাগ কৰিছিল। ভাত, ব্ৰেড আৰু junk food সম্পূৰ্ণৰূপে ত্যাগ কৰি কেৱল বইল দালি, মাছ আৰু চালাদ খোৱা আৰম্ভ কৰি দিছিল। দিনটো আৰম্ভ কৰিছিল চেনিবিহীন চাহ একাপৰ দ্বাৰা৷ দুপৰীয়াৰ আহৰত চালাড আৰু বইল মাছ গ্ৰহণ কৰিছিল৷ নিতৌ নিশা বইল ডালি আৰু বইল চিকেন গ্ৰহণ কৰিছিল। ঘৰত নিৰ্মিট পপকৰ্ণ সৰহ পৰিমানে খোৱাৰ কথা কয় কণ্ঠশিল্পী গৰাকীয়ে। নিতৌ gym যোৱাৰ কথাও কয় স্বামীয়ে।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।