06/28/2022 - 13:15
in
ঢকুৱাখনাঃ ঢকুৱাখনাৰ ঘিলামৰাত কৃত্ৰিম বান। অতিমাত্ৰা বৰষুণৰ ফলত কেইবাদিন ধৰি কৃত্ৰিম বানত ডুবি আছে ঘিলামৰাৰ চিনাই গাঁও, দীঘলী, বালিয়নি, ব্লকৰ মুখ আদি বহুকেইখন গাঁও।বিশেষকৈ গাঁও কেইখনৰ উত্তৰে চামপৰা নৈক ভেটিবলৈ যোৱাবছৰ এটা মথাউৰি নিৰ্মাণ কৰি দিয়াৰ ফলতে বৰষুণৰ পানী ওলাই যাব নোৱাৰি কৃত্ৰিম বানত ডুব গৈছে অঞ্চলটো। গৰু, ছাগলী, হাঁহ, কুকুৰা আদি পশুধন সমূহো বানৰ কৱলত পৰি খাদ্যৰ অভাৱত অকাল মৃত্যুক সাৱতিবলগীয়া হৈছে।এই ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নাই চৰকাৰ প্ৰশাসন তথা জনপ্ৰতিনিধিৰ। 'এইবোৰ বৰষুণৰ পানী' বুলি দায় সৰা মন্তব্যৰে আতৰি যায় তেওঁলোক। ফলত এনেদৰে আজি প্ৰায় দুটা সপ্তাহে কৃত্ৰিম বানত জীয়াতু ভুগি আহিছে এইসকল ৰাইজে।