06/29/2022 - 16:23
in
ডুমডুমাঃ মধ্য আৰু নামনি অসমৰ পিছত এইবাৰ ধাৰাষাৰ বৰষুণে উজনি অসমৰ জন জীৱন ব্যাহত কৰা দেখা গৈছে| উজনি অসমৰ তিনিচুকীয়া জিলাত দেওবাৰে নিশা প্ৰায় ১০ মান বজাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে নদ-নদী, জান-জুৰি। প্ৰৱল বৰষুণৰ বাঢ়নী পানীয়ে যোগাযোগ বিচিন্ন কৰি তুলিছে ফিল'বাৰী-বালিজান সংযোগী পথ। মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু বিজুলিবন পঞ্চায়তৰ সীমান্তত ফিল'বাৰী ১০ নং লাইনৰ মৈলা নৈত পানী ব্যাপক ভাৱে বাঢ়ি অহাৰ বাবে ইতিমধ্য জলমগ্ন হৈ পৰিছে সমগ্ৰ পথছোৱা। উক্ত নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ আশ্বাস দি ২০২১ চনৰ নিৰ্বাচনত আগমুহুৰ্তত বিজেপি বুঢ়ীদিহিং মৌজাৰ সভাপতি ভাদেশ্বৰ মৰাণে দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল,কিন্তু এটা বছৰ পাৰ হৈ যোৱা পিছতো নিৰ্মাণ নকৰিলে দলং। ফলত আজি ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে কিন্তু গুৰুত্ব নাই চৰকাৰৰ। আজি পুৱাৰ ভাগত বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকল পথছোৱাৰ পানী জলমগ্ন হোৱাৰ ফলত ঘৰলৈ ঘুৰি যোৱাত অসুবিধা সন্মুখীন হৈছে। আনহাতে ডুমডুমা নৈৰ পানীয়ে চহৰখনৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰাৰ উপক্ৰম হোৱাত ভিত্তিগ্ৰস্ত হৈ পৰিছে নৈ পৰিয়া ৰাইজ|