কৃত্ৰিম বানৰ কবলত লিডু মহাবিদ্যালয়

 06/29/2022 - 19:24
 
 
মাৰ্ঘেৰিটাঃ এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় লিডুৰ মহাবিদ্যালয়। নেৰানেপেৰা বৰষুনৰ ফলত বানৰ কৱলত পৰিছে মহাবিদ্যালয়খনিৰ লগতে চুবুৰীয়া অঞ্চলটো৷ এই সমস্যা নতুন নহয়। বহু বছৰ ধৰিয়েই অলপ বৰষুণতেই মহাবিদ্যালয়টো পানীৰ কৱলত জাহ জায়। ইয়াৰ প্রধান কাৰনটো হ’ল যে কলেজৰ কাষ চাঁপি যোৱা কাঁচা নলা। এই নলাটো লিডু টিৰাপ কলিয়ৰিৰ মুক্ত খনন স্থলিৰ পৰা নিৰ্গত হোৱা পানি এই নলাটো দি প্ৰবাহিত হৈছে।
 
 
যিটো অলপ বৰষুন হলেই ভৰ্তি হৈ পৰে। মহাবিদ্যালয়টোৰ অধ্যক্ষৰ ও অধ্যাপক সকলে জনায় যে এই নলাটোৰ চাৰিওফালে বাঁন্ধ নবনালে কেতিয়াও মহাবিদ্যালয়টো বানৰ কৱলৰ পৰা ৰক্ষা নাপাব। আজি বানৰ কৱলত পৰি যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মূখীন হৈছে ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয়খনিৰ শিক্ষক শিক্ষয়ত্ৰী সকল৷ বৰ্তমান কলেজত নামভৰ্তি প্ৰক্ৰিয়া চলি আছে৷ কিন্তু পানীৰ বুকুত ডুব জোৱাৰ ফলতে নামভৰ্তি কৰিবলৈ অহাত বাধা সৃষ্টি হৈছে। চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো সুদীৰ্ঘ বছৰে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ কলেজ কৰ্তৃপক্ষৰ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।