আহি আছে 5G নেটৱৰ্ক

 06/10/2019 - 18:28

 ডিজিটেল ডেস্কঃ 5G টেকন'লজীক লৈ পুনৰ আৰম্ভ হৈছে বিৰ্তকৰ। কেইবাখনো দেশত এই ক্ষেত্ৰত আৰম্ভ হৈছে পৰীক্ষাৰ। চীনে ইয়াৰ বাণিজ্য ব্যৱহাৰক লৈ ইতিমধ্য সংকেত দিছে। ইয়াৰ পিছতে ভাৰতেও এই প্ৰযুক্তি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত এই প্ৰযুক্তিৰ প্ৰয়োগে কঢ়িয়াই লৈ আহিব নতুন যুগ।

১০০ দিনৰ ভিতৰত ভাৰতত আৰম্ভ হ'ব 5Gৰ পৰীক্ষা। কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে সোমবাৰে পদ গ্ৰহণ কৰাৰ পিছত ক'লে যে আমাৰ প্ৰথমটো লক্ষ্য ১০০ দিনৰ ভিতৰত দেশত 5Gৰ পৰীক্ষা আৰম্ভ কৰা। চৰকাৰ এই বছৰ 5G স্পেকট্ৰাম নিলামীকৰণত প্ৰতিশ্ৰুতিবদ্ধ। লগতে কেইবাটাও ৰেডি'অ ফ্ৰিকুৱেঞ্চীও নিলামী কৰা হ'ব।

5G মোবাইল ফোন ৱায়াৰলেছ সেৱাৰ পঞ্চমটো জেনেৰেচন। 5G টেক'নলজীৰ পিছত ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীয়ে ডেটাৰ উচ্চ ঘনত্ব লাভ কৰিব, সঠিক কভাৰেজ পাব লগতে মোবাইলৰ বেটাৰীৰো কম খৰচ হ'ব। ২০১৩ তে কাম আৰম্ভ হৈছিল এই টেক'নলজীৰ। ২০২৫ লৈ বিশ্বৰ এক তৃতীয়াংশ জনসংখ্যাই লাভ কৰিব 5G নেটৱৰ্কৰ কভাৰেজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।