মঙলদৈ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

 06/10/2019 - 18:39

মঙলদৈঃ ১৯৯৪ চনৰ ৯ জুনত মঙলদৈ বেগা নদীৰ পাৰত গঢ় লৈ উঠা মঙলদৈ প্ৰেছ ক্লাবে গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষত উপনীত হোৱা উপলক্ষে মঙলদৈ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সমাৰোহ বৰ্ষজোৰাকৈ উদযাপন কৰিবলৈ মানস  কৰা হৈছে। দেওবাৰে শুভাৰম্ভণি অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগনত উদযাপন কৰা হয়। পুৱা ৯ বজাত মঙলদৈ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি আব্দুল খালেকে। ৯-১৫ বজাত ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে।

বাকী ২৪ খন পতাকা উত্তোলন কৰে কেইবাগৰাকী সাংবাদিকৰ লগতে জিলাখনৰ বিভিন্ন ক্ষেত্ৰত জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। দিনৰ ১২ বজাত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানত মঙলদৈৰ নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়া, মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পৰিচালন সঞ্চালক ঋত্বিক চৌধুৰী, মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমিৰ অধ্যক্ষ গিৰীন্দ্ৰ কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃৃৃতী শিক্ষক শশাংক হাজৰিকা, ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলাত ৰাজ্যৰ ভিতৰত প্ৰথম খুছবু ফিৰদৌছ, চতুৰ্থ জুপিতৰা শৰ্মা, অষ্টম শ্ৰুতিস্মিতা শৰ্মা আৰু নৱম দীপাংকৰ দাসক প্ৰেছ ক্লাব পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। দিনৰ ১২-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সংবাদ মাধ্যম আৰু আধুনিক সমাজ ব্যৱস্থা'-বিষয় শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগৰ উপ-সঞ্চালক অৰিন্দম বৰা, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।