07/13/2022 - 14:08
in
নিউজ ডেস্কঃ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা। ১৮ জুলাইৰ পৰা দাম বাঢ়িব বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবদ এতিয়া ভৰিব লাগিব অধিক ধন। এই কথা জনাইছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।GSTৰ ৪৭সংখ্যক বৈঠকৰ পিছত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে জনাইছে এই কথা।
বিত্ত মন্ত্ৰীয়ে জনাইছে ১৮ জুলাইৰ পৰা কিছু নতুন পণ্য আৰু কেতবোৰ সেৱাৰ ওপৰত GSTৰ হাৰ বৃদ্ধি পাব।বাটাৰ মিল্ক, পনীৰ, লাচি, পেকেটজাত দৈ, গমৰ আটা, আন শস্য, মৌ, পাপৰ, খাদ্যশস্য, মাংস আৰু মাছ, মুড়ি আৰু গুড়ৰ দৰে প্ৰি–পেকেজড লেবেলসহ কৃষিপণ্যৰ দাম বাঢ়িব।
এই সামগ্ৰীসমূহৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। বৰ্তমান ব্ৰেণ্ডেড আৰু পেকেটজাত খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ GST ধাৰ্য কৰা হয়। পেক নথকা আৰু লেবেলবিহীন পণ্যসমূহ কৰমুক্ত। ব্লেড, কাগজ কাটাৰ, পেন্সিল শ্বাৰ্পনাৰ, চামুচ, কাটা চামুচ, স্কিমাৰ্ছ আৰু কেক ছাৰ্ভাৰৰ ওপৰত ১২ শতাংশ জিএছটি আছিল, এতিয়া বাঢ়িব ১৮ শতাংশলৈ। হাস্পতালত ৫০০০ টকাৰ অধিক (নন–আইচিইউ) মূল্যৰ ঘৰ ভাড়া কৰা হ’লে ৫ শতাংশ জিএছটি ধাৰ্য কৰা হ’ব। এলইডি লাইট, এলইডি লেম্পত ১৮ শতাংশ জিএছটি ধাৰ্য কৰা হ’ব, যিটো পূৰ্বে প্ৰযোজ্য নাছিল।