সৌৰামূৰীত বিনামূলীয়া চিকিৎসা শিবিৰ

 07/17/2022 - 16:39
 
 
বাহাৰঘাটঃ বানবিধস্ত সৌৰামূৰীৰ লগতে অঞ্চলৰ কেইবাশতাধিক বানাক্ৰান্ত ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰে৷ অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাৰ তৎপৰাতাত ৰাইজে অনুষ্ঠিত কৰে উক্ত বিনামূলীয়া শিবিৰটো৷ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীয়ে শিবিৰত সেৱা আগবঢ়াই৷ শিবিৰটোত বিনামূলীয়াকৈ ঔষধৰো যোগান ধৰে৷ শিবিৰটো আৰম্ভণিতে চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ লগতে ৰেইজ এন জি অৰ কৰ্মকৰ্তা সকলক গামোছাৰে আদৰণি জনাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।