08/15/2022 - 12:12
in
টীয়কঃ সমগ্ৰ দেশৰ লগতে আজি টীয়কতো টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত টীয়ক পৌৰসভা আৰু টীয়কবাসী ৰাইজৰ সহযোগত টীয়কৰ অসম ৰাজ্যিক বাছ আস্থানৰ চৌহদত ৭৬ সংখ্যক স্বাধীনতা দিৱস উলহ মালহে উদযাপন কৰা হৈছে। দেশে উদযাপন কৰা আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে বিগত সময়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি স্বাধীনতা দিৱসৰ দিনা ৰাজহ চক্ৰ বিষয়া শৌভিক ভুঞাই জাতীয় পতাকা উত্তোলন কৰি আজিৰ কাৰ্যসূচীৰ আৰম্ভণী কৰে।টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ হৈ চিবেন হাজৰিকাই স্মৃতি তৰ্পণ কৰা এই অনুষ্ঠানত টীয়কৰ কেইবাগৰাকীও জেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী,খেলুৱৈ,মেধা ছাত্ৰ ছাত্ৰীক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনোৱা হয় লগতে স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।