বড়োলেণ্ড টুৰিজ্যিম ডেভেলপমেন্ট ছচাইটিৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন উপলক্ষে সংবাদ মেল

 09/02/2022 - 12:12
 
 
শালবাৰীঃ বিটিএডি টুৰিজ্যিম ডেভেলপমেন্ট ছচাইটি (বিটিডিএছ) ৰ উদ্যোগত অহা ২৬ আৰু ২৭ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্ব পৰ্যটন দিৱস৷২৬ ছেপ্তেম্বৰত বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত, য'ত মুখ্য অতিথিৰূপে থাকিব ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিটিআৰৰ উপ-প্ৰধান গোবিন্দ বসুমতাৰী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিউক্ত দিনা  ভৈৰৱকুণ্ডৰ পৰা মানাহলৈকে এটি "কাৰ ৰেলী" ৰূপায়ন কৰা হ'ব।
 
উক্ত কাৰ ৰেলীত ব্ৰহ্মপুত্ৰ ট্যুৰছ আৰু ৰি-ডিস্ক'ভাৰ নৰ্থ ইষ্ট নামৰ পৰ্যটন সংস্থা দুটিয়ে অংশগ্ৰহণ কৰিব, লগতে তেলেংগনাৰ এটি পৰ্যটন উদ্যোগী দলেও অংশ ল'ব।ক্ৰমে বিশ্ব পৰ্যটন দিৱসৰ দিনা অৰ্থাৎ ২৭ ছেপ্তেম্বৰত বাক্সাৰ প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন মানাহ মাউজিগেন্দ্ৰি ইক'টুৰিজ্যিম ছচাইটিৰ কমাৰদৈছাস্থিত কাৰ্যালয় প্ৰাঙ্গনত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷
 
উল্লেখযোগ্য যে বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি এক ফটোগ্ৰাফী প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷ফটোগ্ৰাফী প্ৰতিযোগিতাৰ নীতি-নিয়ম আৰু বিশদ তথ্যৰ বাবে ৯৪৩৫২০৬২৯৭ ফোন নম্বৰৰ উপৰি contact@btds.in ইমেইলত আগ্ৰহীসকলক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বড়োলেণ্ড টুৰিজ্যিম ডেভেলপমেন্ট ছচাইটিয়েআজি মানাহৰ ফ্লৰিকান কটেজত আয়োজিত এক সংবাদমেলৰ জৰিয়তে বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰে বিটিডিএছৰ সভাপতি বীৰ বাহাদুৰ লামা প্ৰমুখ্যে বিষয়ববীয়াসকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।