09/05/2022 - 19:32
in
শিৱসাগৰঃ শিক্ষক দিৱসৰ দিনাই ভাল খবৰ আহিল শিৱসাগৰ জিলালৈ । আজি ঘোষণা কৰা গুণোৎসৱৰ ফলাফল অনুসৰি শিৱসাগৰ জিলাই লাভ কৰিলে প্ৰথম স্থান।এই খবৰ লাভ কৰি আনন্দ প্ৰকাশ কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে। তেওঁ লগতে সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শিক্ষক দিৱস উদযাপন কৰি থকাৰ সময়তে আহিল গুণোৎসৱৰ ফলাফল। সোমবাৰে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয়। এই উপলক্ষে শিৱসাগৰ যুৱদ'লত অনুষ্ঠিত কৰা মুকলি সভাত ৩৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত মূখ্য অতিথী হিচাপে বক্তৃতা প্ৰদান কৰে বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই। শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক তোষামোদ কৰাতকৈ ভুল আঙুলিয়াই সঠিক পথৰ সন্ধান দিব লাগে বুলি আহ্বান জনাই। শিক্ষকতা কেৱল চাকৰি নহয়। সমাজ গঢ়িবলৈ বহু দায়িত্ব আছে শিক্ষক সকলৰ - এই মন্তব্য ড° জ্যোতি প্ৰসাদ শইকীয়াৰ। বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত উপায়ুক্ত আদিত্য বিক্ৰম যাদৱকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।