09/07/2022 - 18:48
in
ডুমডুমাঃ দুৰ্গোৎসৱৰ পূৰ্বে ৰাজ্যখনৰ চাহ শ্ৰমিকে পাবলগীয়া প্ৰাপ্য 20 শতাংশ বোনাছক লৈ প্ৰতি বছৰে শ্ৰমিকে আন্দোলন-প্ৰতিবাদ কৰা পৰিলক্ষিত হয়| বাগিচা মালিক পক্ষই নানা অজুহাত দেখোৱাই শ্ৰমিকৰ প্ৰাপ্য 20 শতাংশ বোনাচ প্ৰদান কৰাৰ পৰা বিৰত থকাৰ সময়ত তিনিচুকীয়া জিলাৰ তালাপৰ দিনদয়াল বাৰ্মা মালিকাধীন সদাশিৱ চাহ বাগিচাত আজি শ্ৰমিকক 20 শতাংশ বোনাছ প্ৰদান কৰা দেখা গল| বাগিচাখনৰ শ্ৰমিকে দাবী কৰাৰ পূৰ্বেই 20 শতাংশ বোনাছ লাভ কৰাত সকলো শ্ৰমিক আনন্দ প্ৰকাশ কৰা দেখা গল| বাগিচা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে তেওঁলোকৰ তিনিচুকীয়াস্থিত চান্দমাৰি চাহ বাগিচাতো শ্ৰমিকক 20 শতাংশ বোনাচ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে| শ্ৰমিকৰ প্ৰাপ্য বোনাচ প্ৰদান কৰা কাৰ্য্যৰ বাবে বাগিচা দুখনৰ মালিক গোষ্ঠীক আটছা তিনিচুকীয়া জিলা সমিতিয়ে শলাগ লোৱাৰ লগতে জিলাখনৰ সকলো সৰু-বৰ চাহ বাগিচাই শ্ৰমিকক সৰ্বোচ্চ 20 শতাংশ বোনাচ প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে|