09/08/2022 - 14:19
in
শিৱসাগৰঃ শিৱসাগৰৰ দৌলমুখ চাৰিআলিত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সহযোগত ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিস্থলিত বৰণ্য শিল্পী গৰাকীৰ জন্মদিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱাই ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যপৰ্ণ তথা বন্তি প্ৰজ্বলন কৰে গঁড়গাও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, জ্যেষ্ঠ সাংবাদিক মনিৰুল ইছলাম বড়া, জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাকে ধৰি বহুসংখ্যক অনুৰাগীয়ে। অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ড০ ভূপেন হাজৰিকা এগৰাকী প্ৰকৃত গণ শিল্পী, সমাজৰ পথ প্ৰদৰ্শক আছিল বুলি মন্তব্য কৰে ড° সব্যসাচী মহন্তই ।উল্লেখযোগ্য যে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই ১৯৯০ চনৰ পৰাই বছৰি উদযাপন কৰি আহিছে ড০ ভূপেন হাজৰিকাৰ জন্মদিন৷