ঢকুৱাখনা গন্ধীয়াৰ কেইজনমান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

 09/09/2022 - 12:21
 
ঢকুৱাখনাঃ ঢকুৱাখনা গন্ধীয়াৰ কেইজনমান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। থলুৱা ভাৱে কেচুসাৰ উৎপাদন কৰি স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে তেওঁলোকে।২০১৫ চনত 'উই কেন মাছখোৱা' নামৰ এটা কৃষিভিত্তিক সাংস্কৃতিক স্বেচ্ছাসেৱী সংগঠন গঠন কৰি বিভিন্ন উৎপাদনমুলক কাৰ্যত জড়িত হৈ আছে সংগঠনটো।বিশেষকৈ তিনিজন যুৱকৰ প্ৰচেষ্টাত গঢ়ি তোলা স্বেচ্ছাসেৱী সংগঠনটোৱে সেই অঞ্চলৰ এশ গৰাকী শিপিনীৰ জড়িতে থলুৱা গামোচাৰ উদ্যোগটো শক্তিশালী কৰিবলৈ কাম কৰি আহিছে।শেহতীয়াকৈ এই সংগঠনটোৱে কৃষি ক্ষেত্ৰত জৈৱিক সাৰ প্ৰয়োগৰ বাবে কেচুসাৰ উৎপাদন কৰি প্ৰথম পৰ্যায়ত দুই টন কেচুসাৰ বিক্ৰী কৰিছে।তেওঁলোকৰ আশা এনেদৰে থলুৱা সামগ্ৰী উৎপাদন আৰু বজাৰ দখলৰ জৰিয়তে আন্তৰ্জাতিক পৰ্যায়তো অসমে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।