09/11/2022 - 12:23
in
বৰপেটাঃ সত্ৰনগৰী বৰপেটাৰ ৰায়তপাৰাত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠা সেৱিকা সতী ৰাধিকা শান্তিৰ ৫৬৬ সংখ্যাক জন্মোৎসৱ পালন৷ তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটা ৰায়তপাৰা নামঘৰত পালন কৰা আই সতী ৰাধিকা শান্তিৰ জন্মজয়ন্তী উপলক্ষে শনিবাৰে অনুষ্ঠিত সোঁৱৰণি সভাত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে থানেশ্বৰ মালাকাৰ, ড0 ধ্ৰুৱ কুমাৰ পাঠক, ড0 বাবুল দাস, দিলীপ দাস আদিয়ে অংশ লয় ৷সোঁৱৰণি সভাত অংশ লোৱা প্ৰতিগৰাকী বক্তাই ৰাধিকা আইৰ জীৱনৰ গুণানুকীৰ্তন কৰাৰ লগতে মহীয়সী নাৰী সতী ৰাধিকা শান্তি কৈৱৰ্ত কুলৰ হৈয়ো বৰদোৱাৰ ওচৰত টেম্বুৱানী জান বন্ধা কামত নিজকে সমৰ্পিত কৰি সমাজৰ নিম্নকূল হিচাপে পৰিচিত কৈৱৰ্ত সমাজখনক কিদৰে জগতত প্ৰতিষ্ঠা কৰি যাবলৈ সক্ষম হৈছিল সেই সম্পৰ্কে আলোচনা আগবঢ়ায়৷ আনকি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই আই ৰাধিকাৰ জৰিয়তে বান্ধ নিৰ্মাণ কৰি সমাজখনত চলি অহা উচ্চ-নীচ ভেদভাৱ আতৰাবলৈ কৰা প্ৰয়াসৰ জৰিয়তে সমাজত সম অধিকাৰ প্ৰতিষ্ঠা আৰু নাৰী সবলীকৰণৰো দিশ উন্মোচন কৰি গৈছে৷ আই সতী ৰাধিকা শান্তিৰ দৰে এগৰাকী অনাখৰী মহীয়সী নাৰীয়ে সমাজক দেখুৱাই থৈ যোৱা আত্মবিশ্বাস, মনৰ দৃঢ়তা আৰু সমাজক বাট দেখুওৱা চিন্তা চেতনা আজিৰ নাৰীৰ বাবেও অনুকৰণীয়৷ অনুষ্ঠানত মৌচুমী হাজৰিকা, গীতাঞ্জলি হাজৰিকা আৰু কৰৱী পাঠকে গীত পৰিবেশন কৰাৰ লগতে ৰচনা পাঠ কৰে৷