গোৱালপাৰাৰ বজাৰত উভৈনদী কণীযুক্ত মাছ: ৰহস্যজনকভাৱে নীৰৱ মীন বিভাগ

 06/17/2019 - 17:14

গোৱালপাৰা: মীন আইন উলংঘন। গোৱালপাৰাৰ বজাৰত উভৈনদী হৈ পৰিছে কণীযুক্ত মাছ। নীৰৱ মীন বিভাগ, জিলা প্ৰশাসন। গোৱালপাৰা জিলাৰ বিভিন্ন নৈ-উপনৈ, খাল-বিল আদিত ভাৰতীয় মীন নীতি- ১৯৫৩ আৰু অসম মাছ পোনা আইন -২০০৫ উলংঘন কৰি অবাধে কণীযুক্ত মাছ ধৰা কাৰ্য চলি থকাত জিলাখনৰ বজাৰসমূহত উভৈনদী হৈ পৰিছে কণীযুক্ত মাছ৷ এই ক্ষেত্ৰত গোৱালপাৰা জিলা মীন বিভাগে ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালন কৰিছে। জানিব পৰা মতে মাছৰ বংশবৃদ্ধিৰ স্বাৰ্থত ভাৰতীয় মীন নীতি অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাই পৰ্যন্ত ৭ চেণ্টিমিটাৰৰ পৰা ১৪ চেণ্টিমিটাৰতকৈ কম পাহীৰ কোনো জাল মীন মহলত ব্যৱহাৰ কৰিব নোৱাৰিব।

তাৰোপৰি মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে মীন মহলত ৰৌ, মিৰিকা, চিতল, কাৱৈ ,গৰৈ, বাহু, মালি, কুঢ়ি, মিছা মাছ আদি জাতৰ কণী তথা শুক্ৰ থকা মাছ মৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আছে ৷ ইয়াৰোপৰি নদী, খাল, বিল, দোবা বা মীনমহলত এই সময়ছোৱাত ৭ বৰ্গ চেণ্টিমিটাৰতকৈ সৰু ফাকৰ বানা মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰাটো আইন মতে দণ্ডনীয়। কিন্তু গোৱালপাৰা জিলাত মীন বিভাগৰ নীৰৱ ভূমিকাৰ  বাবেই মীন মহলসমূহৰ লগতে বিভিন্ন খাল বিলত অবাধে কণীযুক্ত মাছ নিধন কাৰ্য চলি থকা বুলি অভিযোগ উঠিছে। জানিব পৰা মতে এপ্রিল মাহৰ পূৰ্বেই মীন বিভাগে মাছমৰীয়া, মহলদাৰ, মীনপালকসকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰি ভাৰতীয় মীন নীতি ১৯৫৩ আৰু অসম মাছ পোনা আইন ২০০৫ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগে৷

কিন্তু গোৱালপাৰা জিলা মীন বিভাগে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। মীন বিভাগৰ নীৰৱতাৰ সুযোগ লৈ একাংশ মাছমৰীয়াই অবাধে কণীযুক্ত মাছ নিধন যজ্ঞ চলাই থকাত জিলাখনৰ বজাৰসমূহত উভৈনদী হৈ পৰিছে কণীযুক্ত বিভিন্ন প্ৰজাতিৰ মাছ। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।