লংকাত লাজুকী বান্দৰ উদ্ধাৰ

 06/17/2019 - 17:33

লংকা: হোজাই জিলাৰ লংকাৰ জয়ৰাম বস্তিত দেওবাৰে নিশা উদ্ধাৰ কৰা হয় এটি লাজুকী বান্দৰ। স্থানীয় ৰাইজে বন্দৰটো বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়ে লংকাৰ বনবিভাগক। পিছত লংকাৰ বনবিভাগৰ লোকে লংকাৰ জয়ৰাম বস্তিৰ পৰা লাজুকী বান্দৰটো উদ্ধাৰ কৰি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে।

লংকাৰ কাষতে থকা লামডিং অ-সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি এনেদৰে জন অৰণ্যত বিচৰণ কৰি আছে বুলি সন্দেহ লংকা বন বিভাগৰ। বৰ্তমান লংকাৰ আঞ্চলিক বন বিভাগৰ জিম্মাত আছে লাজুকী বন্দৰটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।