ৰঙিয়া প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

 11/16/2022 - 14:13
 
 
 
ৰঙিয়াঃ সমগ্ৰ দেশৰ লগতে ৰঙিয়া প্ৰেছ ক্লাবটো ১৬ নৱেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। দিনৰ ১০ বজাত ৰঙিয়া প্ৰেছ ক্লাবত ক্লাবৰ সভাপতি জিতেন্দ্ৰ জাজদীয়াই পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্য্যসূচী আৰম্ভ কৰে। প্ৰেছ ক্লাবৰ সমুহ বিষয়ববীয়া তথা সদস্যসকলৰ উপস্থিতিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত এক আলোচনা কৰা হয়। 
আলোচনাৰ অন্ততঃ ৰঙিয়া প্ৰেছ ক্লাবৰ সভাপতি জিতেন্দ্ৰ জাজদীয়া আৰু সম্পাদক ফাৰুক হুছেইনে শুভেচ্ছা মুলক বক্তব্য আগবঢ়াই সকলোকে কলম উপহাৰ দিয়ে। 
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।