বটদ্ৰৱা: নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন চকলাঘাটৰ গজপুৰীয়াত এজন যুৱকৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত খবৰ মতে গজপুৰীয়া নিবাসী কুশল শইকীয়াৰ ২৯ বছৰীয়া পুত্ৰ জানমনি শইকীয়াই নিজৰ বাসগৃহৰ কিছু নিলগৰ এখন হাবিত এজোপা চেগুন গছত ছিপ লৈ আত্মহত্যা কৰে৷ পূৱাই স্থানীয় এজন লোকে কিবা কামত সেই হাবিখনৰ কাষেৰে যাওঁতে যুৱকজনক মৃতদেহ প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত বহুলোকৰ সমাগম হয় ৷ লগে লগে জাজৰি থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷
কি কাৰণত দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনে এনেদৰে আত্মহননৰ পথ বাছি ল’লে তাক লৈ এতিয়া গঞাবাসীৰ মাজত সৰব চৰ্চা চলিছে৷ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে বিগত কিছুদিনৰ পৰা যুৱকজন হতাশাত ভুগি আছিল বুলি উল্লেখ কৰি হতাশাত ভুগিয়েই এনেদৰে আত্মহত্যাৰ পথ ল’লে বুলি মন্তব্য কৰিছে যদিও একাংশ লোকে আকৌ এয়া পৰিকল্পিত হত্যাকাণ্ডও হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে৷