বাক্সাৰ বালিপুৰত বন্যহস্তীৰ তাণ্ডৱ

 12/15/2022 - 17:25
 
 
শালবাৰীঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ৷ সমান্তৰালভাৱে বাক্সাৰ বালিপুৰতো যোৱানিশা তাণ্ডৱ চলায় বৃহৎ বন্যহস্তীৰ এটা জাকে৷ বাক্সাৰ বালিপুৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ৩০/৪০ জনীয়া বন্যহস্তীৰ বৃহত জাক এটাই কৃষকৰ পাচলি খেতিত সোমাই বিনষ্ট কৰে বহু বিঘা পাচলি৷ অঞ্চলটোৰ বহু দৰিদ্ৰ কৃষকে ধাৰ-ঋণলৈ কপালৰ ঘাম মাটিত পেলাই কৰা জলকীয়া,বেঙেনা,বিলাহী, ওলকবি, বন্ধাকবি আদি পাচলি খেতিত বন্যহস্তীৰ জাকটোৱে ওৰে নিশা চলায় সন্ত্ৰাস৷বন্যহস্তীৰ জাকটোৱে খেতিৰ ফচল খাই-গচকি পুৱতি নিশত উক্ত অঞ্চলটো ত্যাগ কৰে৷স্থানীয় কৃষক সকলে ফটকা ফুটাই, জুই জ্বলাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ৰাইজে এই ক্ষেত্ৰত বন বিভাগৰ নিৰ্লিপ্ততাৰ ওপৰত ক্ষোভ উজাৰে৷ক্ষতিগ্ৰস্ত কৃষকে বন্যহস্তীয়ে নষ্ট কৰা খেতি সমুহৰ উপযুক্ত ক্ষতিপুৰণো দাবী কৰে
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।