নাৰায়ণপুৰৰ ধলপুৰ কচুৱাত আন্তঃজিলা দিবা-নৈশ প্ৰাইজমানী ফুটবল খেলৰ সফল পৰিসমাপ্তি

 12/18/2022 - 17:51
 
 
নাৰায়্ণপুৰঃ স্বৰ্গীয় বোধেশ্বৰ মুদৈ আৰু প্ৰেমেশ্বৰ বৰুৱা সোঁৱৰণি আন্তঃজিলা দিবা নৈশ প্ৰাইজমানী খেলৰ চূড়ান্ত খেলখন আয়োজন কৰা হয়। উক্ত চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰে চিলাপথাৰ ফুটবল একাদশ আৰু বিহপুৰীয়া কোচিং চেণ্টাৰে। উক্ত চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত বিহুনৃত্য, ভোৰতাল নৃত্য,সত্ৰীয়া নৃত্য,মিছিং বিহু নৃত্যকে আদিকৰি বিভিন্ন ধৰণৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। উক্ত বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় ধাৰাবাহিক অভিনেতা কে কে খ্যাত (সিদ্ধাৰ্থ শৰ্মা),আৰু মোহন খ্যাত (দ্বীপজ্যোতি কেউত। নিশাৰ ভাগত আয়োজন কৰা এই বৰ্ণিল কায্যসূচীত প্ৰায় ১০ হাজাৰৰ অধিক লোকৰ সমাগম হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে নাৰায়্ণপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে অসম ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ শৰৎ হাজৰিকা, এছিয়া মহাদেশৰ পাঞ্জা খেলত ব্ৰঞ্জৰ পদক প্ৰাপক কংকণা হাজৰিকা,সংগীত নাটক অকাডেমিৰ বিচমিল্লা খান বঁটা প্ৰাপক প্ৰভাত কাকতীৰ লগতে বহুতো গণ্য মান্য লোক।উক্ত অনুষ্ঠানতে নাৰায়্ণপুৰ অঞ্চলৰ প্ৰায় ৬০ গৰাকী বিভিন্ন দিশৰ প্ৰতিভাবান লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।এই অনুষ্ঠানত এঠাবাৰী ক্ৰিয়া সন্থাৰ সহযোগত খেলত বিজয় লাভ কৰা বিহপুৰীয়া কছিং চেণ্টাৰক নগদ ধনসহ ট্ৰফী প্ৰদান কৰে প্ৰয়াত বোধেশ্বৰ মুদৈৰ দুই পুত্ৰ ক্ৰমে ৰিপুন মুদৈ আৰু প্ৰভাত মুদৈয়ে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।