12/23/2022 - 13:22
in
বিশ্বনাথঃ বিশ্বনাথত আৰক্ষীৰ বৃহৎ সাফল্য। জব্দ কৰিলে বৃহৎ পৰি পৰিমাণৰ অবৈধ গাঞ্জা। দুজন সৰবৰাহকাৰীসহ প্ৰায় ৮০ কেজি গাঞ্জা আৰু i20 ,AS-12-x0498 বাহন জব্দ। ৰাজ্যত ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে। যোৱা ৭ ডিচেম্বৰত বৰগাঙৰ আভাৰ ব্ৰীৰিজৰ সমীপত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ হোৱাৰ দুসপ্তাহৰ পিছতেই পুনৰ বিহালীত গাঞ্জা জব্দ হৈছে। বৃহস্পতিবাৰে আবেলি বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কালাপানীত ক্ৰিচিং দৈমাৰী আৰু নোহু দৈমাৰী নামৰ দুজন যুবকে এই গাঞ্জা খিনি উদালগুৰিৰ পৰা লক্ষীমপুৰলৈ বুলি আনিছিল বুলি উল্লেখ কৰিছে। এই গাঞ্জাৰ বজাৰ মুল্য প্ৰায় ৮ লক্ষ্যাধিক হ'ব বুলি জানিবলৈ দিছে। আৰক্ষীৰ সুত্ৰমতে এই চক্ৰৰ লগত আৰু লোক জড়িত থকাৰ সন্দেহ কৰিছে। আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰখাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে।