ৰঙিয়াৰ পশ্চিম বিছেন্নালা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত সামূহিক উৎসৱ

 12/23/2022 - 15:36

 

ৰঙিয়াত পোন প্ৰথমবাৰৰ বাবে ৰঙিয়া শিক্ষা খণ্ডৰ উদ্যোগত ৰঙিয়াৰ পশ্চিম বিচেন্নালা প্ৰাথমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হয় সামূহিক উৎসৱ। সামূহিক উৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে অনুষ্ঠিত হয় বিশাল এক শোভাযাত্ৰা। ৰঙিয়া শিক্ষা খণ্ডৰ অধিনৰ ১২ খনকৈ বিদ্যালয়ে সহযোগ কৰা সামূহিক উৎসৱৰ কাৰ্য্যসূচীত শিক্ষক সকলে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰে। বৰ্তমান সময়ত অসমীয়া সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যুৱ সমাজে নজনা ঐতিহ্যপূৰ্ণ সামগ্ৰীসমূহ পুনৰ চিনাকি কৰাই দিয়াৰ ব্যৱস্থা কৰিছে এই সামূহিক উৎসৱৰ জৰিয়তে। বিশেষকৈ বিহুৰ সময়ত অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ, তাঁত শাঁলত ব্যৱহাৰ হোৱা সমগ্ৰী সমুহ, পিঠা-পনা বনোৱা সামগ্ৰীসমূহৰ লগতে আন আন  ইত্যাদি সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শনিৰ জৰিয়তে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। শিক্ষা বিভাগৰ দ্বাৰা এনেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত লোৱা প্ৰশংসনীয় পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্রীসকল উপকৃত হব বুলি সকলোৱে মত প্ৰকাশ কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।