জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান বৰদিকৰাই হাইস্কুলত আজি পুৱাৰে পৰা সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াক লৈ কেৰিয়াৰ কাউঞ্চিলিঙৰ এক সজাগতা সভা অনুষ্ঠিত হয়। বৰদিকৰাই হাইস্কুলৰ প্ৰধান শিক্ষক বেদনিধি অধিকাৰীয়ে আঁত ধৰা এই বিশেষ সজাগতা সভাখন উদ্বোধন কৰাৰ লগতে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ফুলবাৰী চাহ-বাগিচা আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষক পদুম দাসে৷ প্ৰশিক্ষক গাৰকীয়ে কয় যে- প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া শুনাৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে অন্যান্য দিশত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ় দিয়াক লৈ আজি প্ৰজেক্টৰত ভিডিঅ আকাৰে বিভিন্ন দিশত আলোচনা কৰি সজাগতা অনা হয়। অনাগত দিনত শিক্ষাৰ্থীসকলে কেনেদৰে নিজকে একোজন সু-নাগৰিক হিচাপে গঢ়ি তুলি ভৱিষ্যত গঢ় দিব পাৰিব সেই সন্দৰ্ভতো বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচেষ্টা চলোৱাৰ কথাও প্ৰশিক্ষক গৰকীয়ে সদৰি কৰে সজাগতা সভাখনত।