গুৱাহাটীঃ অসমৰ আগশাৰীৰ জনপ্ৰিয় ৱেব মিডিয়া পাব্লিক প্ৰেছৰ আজি পঞ্চম বৰ্ষপূতি৷ এই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোৱালপাৰা জিলাৰ খগেন্দ্ৰ কুমাৰ সৰকাৰলৈ পাব্লিক প্ৰেছৰ এই বছৰৰ “সাহিত্যৰথী বটাঁ -২০২২”প্ৰদান কৰা হয়৷ পাব্লিক প্ৰছৰ হৈ এই বঁটা প্ৰদান কৰে পাব্লিক প্ৰেছৰ পৰিচালন সঞ্চালক অনিৰ্বাণ সেনে৷ উল্লেখযোগ্য যে ইতিমধ্যে খগেন্দ্ৰ কুমাৰ সৰকাৰে অসমৰ সমাজ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷ অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে খগেন্দ্ৰ কুমাৰ সৰকাৰক বিভিন্ন বঁটাৰে ইতিমধ্যে সন্মানিত কৰিছে৷ নিৰলসভাৱে সমাজসেৱা আৰু সাহিত্যচৰ্চা কৰা সৰকাৰে বহুকেইখন গ্ৰন্থৰ ওপৰি কবিতা পুথি ৰচনা কৰিছে৷ তাৰ ভিতৰত সোনালী দেশৰ চমু ভ্ৰমণ সাৰথি, ধৰ্মতত্ত ও বৈষ্ণৱ সমাজ, ৰাসক্ৰীড়া আৰু ইয়াৰ তাৎপৰ্য, পোহৰ, মিলন, স্কাউট এন্ড গাইড শিক্ষণ প্ৰণালী, ইংলিছ গ্ৰামাৰ এন্ড কমপোজিচন ইত্যাদি অন্যতম৷ ইয়াৰ ভিতৰত স্কাউট এন্ড গাইড শিক্ষণ প্ৰণালী নামৰ ব্যৱহাৰিক পুথিখনৰ বাবে ইতিমধ্যে অসম চৰকাৰে সৰকাৰক স্বীকৃতি প্ৰদান কৰিছে৷ এই সন্মান লাভ কৰাত তেওঁৰ জন্মভুমি লাউডোবাৰ লগতে সমগ্ৰ গোৱালপাৰা জিলাতো এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷