ক্ষেত্ৰী আৰক্ষীৰ বৃহৎ সফলতা

 12/26/2022 - 15:02
 
 
চুৰি হোৱা ৩৩ কুইণ্টল চুপাৰি উদ্ধাৰ। ঘটনা সন্দৰ্ভত ৪ জনক আটক কৰিছে ক্ষেত্ৰী আৰক্ষীয়ে। আটক কৰা লোক কেইজন ক্ৰমে ছয়গাঁৱৰ ফ‌ইজুল হক, চিৰাজ আলী, কলগাছীয়াৰ চহিদুল খান আৰু মহিদুল খান। বিগত ১৬ নৱেম্বৰত ক্ষেত্ৰীৰ এটা ‌গুদামৰ পৰা চুৰি হৈছিল চুপাৰিখিনি। CCTV ত বন্দি হৈছিল চুৰি কাণ্ডৰ দৃশ্য। ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই চুপাৰিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ক্ষেত্ৰী আৰক্ষীয়ে। আনহাতে চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা AS01BT7525 নম্বৰৰ ব'লেৰ বাহন এখনো উদ্ধাৰ কৰে আৰক্ষীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।