12/26/2022 - 18:59
in
মিচিং জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি তুলি ধৰাৰ মানসেৰে অনুষ্ঠিত হৈছে এই দিচাং ব্ৰহ্মপুত্ৰ মহোৎসৱ। উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা দিচাং ব্ৰহ্মপুত্ৰ মহোৎসৱৰ আজি প্ৰথম দিনা পতাকা উত্তোলন, মঞ্চ উদ্বোধনী কাৰ্যসূচীত স্থানীয় বিধায়ক অখিল গগৈ, উপায়ুক্ত আদিত্য বিক্ৰম যাদৱকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
দিচাং ব্ৰহ্মপুত্ৰ মহোৎসৱত বিভিন্ন জনগোষ্ঠীয় গীত-নৃত্য, খেল ধেমালি প্ৰদৰ্শনৰ উপৰিও পৰম্পৰাগত খাদ্য সাজপাৰ প্ৰদৰ্শন কৰা হ'ব। এই কথা সদৰি কৰিছে উদযাপন সমিতিৰ সভাপতি পোনাৰাম মিলিয়ে। দিচাং ব্ৰহ্মপুত্ৰ মহোৎসৱৰ দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়াত Indian idol season 12 ৰ বিজেতা পৱনদ্বীপ ৰাজনে পৰিৱেশন কৰিব সংগীত। এই মহোৎসৱলৈ আহিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।