ধুবুৰীতো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

 12/26/2022 - 19:34
 
 
 ধুবুৰীঃ ধুবুৰী সদৰ থানাৰ অন্তৰ্গত যোগময়া পাৰঘাটত আৰক্ষীৰ অভিযান। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ এটি বৃহৎ দলে যোগমায়া ঘাটত অভিযান চলাই এজন ড্ৰাগছ মাফিয়াসহ জব্দ বৃহৎ পৰিমাণৰ হেৰয়িন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ১২৭.১৬ গ্ৰাম ওজনৰ হেৰইন খিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা। মেঘালয়ৰ পৰা অনা হৈছিল ড্ৰাগছখিনি। ড্ৰাগছৰ সৈতে জড়িত থকা মিনহাজুল হক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ। ড্ৰাগছ মাফিয়া জনৰ ঘৰ মানকাচৰ জিলাৰ শালমাৰা সমস্টিৰ ছাইখোৱা অঞ্চলৰ বুলি জানিব পৰা গৈছে। বৰ্তমানে ড্ৰাগছ মাফিয়া জনক ধুবুৰী সদৰ থানাত জেৰা অব্যাহত ৰাখিছে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।